সংবাদ পত্ৰ আৰু আলোচনীসমূহ:
স্বদেশ অনুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত ‘বেংগলী’ (১৯০৪)
কৃষ্ণকুমাৰ মিত্ৰৰ ‘সঞ্জীৱনী’ (১৯০৪)
কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ ‘হিতবাদী’ (১৯০৫)
ভূপেন্দ্ৰনাথ দত্তৰ সাপ্তাহিক ‘যুগান্তৰ’ (১৯০৬)
ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ ‘সন্ধ্যা’ (১৯০৬)
সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ‘দি ডন’ (১৯০৬)
কুমুদিনী মিত্ৰৰ মহিলা আলোচনী ‘সু-প্ৰভাত’ (১৯০৬)
অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম’ (১৯০৫)
নাটক আৰু গ্ৰন্থসমূহ:
আন্দোলনৰ জনপ্ৰিয়তা আৰু দেশপ্ৰেমৰ ভাবধাৰা ধৰি ৰাখিবলৈ বহুতো গুৰুত্বপূৰ্ণ নাটক আৰু গ্ৰন্থ ৰচিত হৈছিল
নাটক:
ক্ষীৰোদ প্ৰসাদৰ ‘পলাশীৰ প্ৰায়শ্চিত্ত’
গিৰীশ ঘোষৰ ‘চিৰাজউদ্দৌলা’ আৰু ‘মিৰ কাছিম’
অমৃতলাল বসুৰ ‘চাব্বাস বাঙালী’
অমৰে প্ৰসাদ দত্ত বা অমৰেন্দ্ৰ নাথ দত্তৰ ‘বংগৰ অংগচ্ছেদ’
গ্ৰন্থ:
স্বৰ্ণকুমাৰী দেবীৰ ‘জাপানী বীৰ’
প্ৰমথনাথ ৰায়চৌধুৰীৰ ‘জয় সংগীত’
কাৰ্তিকচন্দ্ৰ দাশগুপ্তৰ ‘নৱ্য ভাৰত’
ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ ‘বংগলক্ষীৰ ব্ৰতকথা’